Tuesday, April 30, 2019

মৃত্যুৰ বাতৰি

                          (বজ্ৰাঙ্গ দাস)
কান্দিবানে তুমি ?
মোৰ মৃত্যুৰ বাতৰি শুনি
কোনোৱে নজনাকৈ
সেমেকি উঠিবনে নয়নজুৰি ?

অতদিনে সাঁচি ৰখা
অতীতৰ স্মৃতিক
মোৰ চিতাৰ উত্তাপে
জ্বলাবনে ঊমি ঊমি ?

হৃদয়ত মৰহি যোৱা
হত আশাৰ জোৱাৰক
পাৰিবানে বান্ধিব
বাস্তৱৰ হেঙাৰ দি ?

গুপুতে জীয়াই ৰখা
অৰ্ধ ব্যক্ত অনুভূতি
কেতিয়াও যে খুলি
কব নোৱাৰিবা তুমি...

কান্দিবানে ?
মোৰ মৃত্যুৰ বাতৰি শুনি...