(বজ্ৰাঙ্গ দাস)
(নোৱাৰো কবিতাৰ আঁৰ লৈ)
কবিতা লিখাটো হেৰা বেয়া কথা বৰ
কদাপি নহয় ই কথা ১৮৮০০ জনৰ |
১৮৮০০ জনৰ এজন যিয়ে হয়
অকবিতা লিখি থয় |
২০০ৰ এজন হ’ব কিয় নোৱাৰো বুলিবা
অকবি হৈ কিয় জীয়াই থাকিবা |
ভাল নাম পাবলৈ যদি কৰা মন
তেনেহ’লে নুবুলিবা নোৱাৰো বচন |
২০০ জনে পাৰে যিটো
তুমিও পাৰিবা সিটো |
হেনজানি সাহ কৰি প্ৰাণটাকি লিখা
অকবি হলেও তুমি বাৰে বাৰে লিখা |