Tuesday, August 19, 2014

হত্যাকাৰী

               (বজ্ৰাঙ্গ দাস)
তুমি তোমাৰ পথত
আৰু মই মোৰ পথত
আকুলতাহীন এক বিপৰীত যাত্ৰা |

মোৰ সঙ্গী আছিল আশা
যি মোৰ বাবে আছিল
জীৱন নদী পাৰ কৰি নিয়া এখন সাকো |
এই আশাই আছিল
মোৰ জীয়াই থকাৰ সঞ্জীৱনী |

আৰু এদিন..
এদিন তুমি আহিলা |
সিদিনা মোৰ আশাৰ মৃত্যু হৈছিল
তুমিয়ে মোৰ আশাৰ হত্যাকাৰী !!