Monday, December 31, 2012

ধৰ্ষিতা

                    (বজ্ৰাঙ্গ দাস)
hïaë hk³içRçöK²
Y²çBj mjéjY² AçèR èmpjX cëYë²ök
oíiáÅj èK²jXY²
Y²çBj aëMçk AçèR èRèkèK² cëöU±
mjY²j ômlçkéö³i
fpçMj Kë²kéèT±ö³i
Y²çBj hcY² AçèR LkK²èc cëYë²ök

èiaöj dïèZléö³i Y²çBK² dçpèj ódkçök
Y²çBI ècRK² dçpèjf ôP±§ç P±kç³i

Y²çB GèY²³iç ôhûc

Y²çB hçõZç pÿçöp
èfaƶd K²öj

ohçRK²...
hëLç èd™²ç fÅ芺j fpílçkéY²...
Açjµ ècRK²...

Y²çB dçMké

Y²çB...

Y²çB bènáY²ç !


Sunday, December 2, 2012

পাহৰা জন

               (বজ্ৰাঙ্গ দাস)
পাহৰিব সময় নালাগে
মই জানো
হয়তো কষ্টও নহয়...

কিন্তূ

পাহৰাজনে জানো জানে ?

যিদিনা
তাইৰ শিৰত
সেন্দুৰ জিলিকিছিল...
এফালে
মোৰ শেতা শৰীৰত
গঙ্গাজলৰ টোপাল বিৰিঙিছিল...
 

Saturday, December 24, 2011

লোকপাল ?

               (বজ্ৰাঙ্গ দাস)
শীতৰ এই নিৰৱ পুৱা
মোৰ দুনয়ণত
দুধাৰি অশ্ৰু...

প্ৰাপ্তিৰ শুণ্যতাক
আশাৰ দুৱাৰত
কি বুলিনো আদৰো?

অপলক দৃষ্টিৰে তুমি
নিৰ্বিকাৰ হৈ থমকি ৰ’লা...
তথাপি
এবাৰো যে নুশুধিলা
কি দুখ
কি যন্ত্ৰণা
কিহৰ শোকত
বৈ গৈছে
এই নিৰ্মম আম্লিক ধাৰা...

হয়তো তুমিও বুজিছা
সিহতে...
সিহতে তোমাক আকৌ ঠগালে...

Sunday, July 31, 2011

মই বুজি নাপাওঁ

               (বজ্ৰাঙ্গ দাস)
হয়
তুমি সচা কথাই কৈছিলা
প্ৰেমৰ অৰ্থ
মই বুজি নাপাওঁ |

মই বুজি নাপাওঁ
তোমাৰ চকুৰ গহ্বৰত অন্তৰ্নিহিত ইংগিত |

মই বুজি নাপাওঁ
তোমাৰ অশু‌ভ আচৰণৰ আঁৰৰ সত্য |

মই বুজি নাপাওঁ
তোমাৰ ওঁঠৰ পৰা অনুচ্চাৰিত শব্দৰ অৰ্থ |

মই বুজি নাপাওঁ
তোমাৰ মনৰ প্ৰতিটো কোনৰ অপ্ৰকাশিত ৰহস্য |

আৰু মূল কথা হ’ল
মই বুজি নাপাওঁ তোমাক |

তুমি সচা কথাই কৈছিলা
প্ৰেমৰ অৰ্থ
মই বুজি নাপাওঁ ||

Saturday, July 30, 2011

তুমি সচা ৰাজনীতিবিদ

               (বজ্ৰাঙ্গ দাস)
লাজ জানো পোৱা
কোনোবাই লাজ দিলে ?

দেখাৰ দিনাৰে পৰা
তুমি মাথো তাইৰ অনিষ্টই কৰি আহিছা
মিথ্যা কথাৰে ঠগিছা
কুম্ভীৰৰ দৰে চকুলো টুকিছা
তেজপিয়াৰ দৰে শোষন কৰিছা...

কলোৱেই যেনিবা
তুমি অহংকাৰী
তুমি দুৰাচাৰী
তুমি অত্যাচাৰী
তুমি শোষনকাৰী...

কবিতা লিখিনো কি হব !!!
তথাপি তুমিতো
তাইক বলাত্কাৰ কৰিব নেৰা

শত্ৰু যে অগনণ

               (বজ্ৰাঙ্গ দাস)
জাগ্ৰত জনগণ
আকৌ সোঁৱৰা পণ
অশান্ত প্ৰহৰত
আহিব বিব্ৰত ক্ষণ |

আন্ধাৰ হলেও বাট
আগুৱাব লাগিবই
পিচলি গলেও পাৱ
উঠি যাব লাগিবই
কঁপি উঠিলেও মন
শত্ৰু যে অগনণ ||

পিশাচৰ ৰাজ্যত থাকিব নোৱাৰো আৰু
তেজপিয়া অধমক সহিব নোৱাৰো আৰু
ঘৰৰেই শত্ৰুক নিৰ্মূল কৰাৰ ৰণ
কঁপি উঠিলেও মন
শত্ৰু যে অগনণ
যুঁজি যাম আমৰণ
শত্ৰু যে অগনণ |

জাগ্ৰত জনগণ
আকৌ সোঁৱৰা পণ
অশান্ত প্ৰহৰত
আহিব বিব্ৰত ক্ষণ... ||


Wednesday, July 27, 2011

সি এদিন আহিবই

               (বজ্ৰাঙ্গ দাস)
জানানে
তোমাৰ প্ৰত্যেকটো পদধ্ৱ্নীয়ে
মোৰ কৰ্ণপটত আঘাত হানে ...

কাইটিয়া পথ তোমাৰ সদায়েই প্ৰিয়
পোন পথত সৰ্পিল গতি
তেনে যাত্ৰা কিয় ?

খন্তেক জিৰোৱা
নিজক সুধি চোৱা

মৃত্যু ?
জীৱন পথত ...
সি এদিন আহিবই |