Showing posts with label অনূভৱ. Show all posts
Showing posts with label অনূভৱ. Show all posts

Wednesday, May 4, 2016

তিতা-মিঠা #হেচ্‌টেগ#

(এমুঠি মাইক্ৰ’ কবিতা)
                         (বজ্ৰাঙ্গ দাস)
#সুখ-দুখ
সুখ বিচাৰি হাবাথুৰি খালো
দুখৰ ঠিকনাহে বাৰে বাৰে পালো

#পোহৰ-এন্ধাৰ
পোহৰ বিচাৰি বহু দৌৰিলো
নিজৰেই ছাঁৰ মাজত নিজক হেৰুৱালো

#সপোন-দিঠক
দিঠকৰ আৰে আৰে সপোনবোৰ জুমি চালো
সিচৰিত চূৰ্ণ টুকুৰাবোৰহে দেখা পালো

#আশা-হতাশা
আশাৰে আশাৰ বাট চালো
হত আশাৰ চকুলোৰে ধুই পেলালো

#প্ৰেম-বিৰহ
প্ৰেমৰ নামত জীৱন সপিলো
বিৰহ অগনিত জ্বলি-পুৰি মৰিলো

#তুমি-মই
মই যিমানেই তোমাৰ কাষত
তুমি সিমানেই মোৰ পৰা আঁতৰত


Wednesday, July 27, 2011

সি এদিন আহিবই

               (বজ্ৰাঙ্গ দাস)
জানানে
তোমাৰ প্ৰত্যেকটো পদধ্ৱ্নীয়ে
মোৰ কৰ্ণপটত আঘাত হানে ...

কাইটিয়া পথ তোমাৰ সদায়েই প্ৰিয়
পোন পথত সৰ্পিল গতি
তেনে যাত্ৰা কিয় ?

খন্তেক জিৰোৱা
নিজক সুধি চোৱা

মৃত্যু ?
জীৱন পথত ...
সি এদিন আহিবই |