Labels

Showing posts with label প্ৰেম - বিৰহ আৰু আন কিবাকিবি. Show all posts
Showing posts with label প্ৰেম - বিৰহ আৰু আন কিবাকিবি. Show all posts

Tuesday, April 30, 2019

মৃত্যুৰ বাতৰি

                          (বজ্ৰাঙ্গ দাস)
কান্দিবানে তুমি ?
মোৰ মৃত্যুৰ বাতৰি শুনি
কোনোৱে নজনাকৈ
সেমেকি উঠিবনে নয়নজুৰি ?

অতদিনে সাঁচি ৰখা
অতীতৰ স্মৃতিক
মোৰ চিতাৰ উত্তাপে
জ্বলাবনে ঊমি ঊমি ?

হৃদয়ত মৰহি যোৱা
হত আশাৰ জোৱাৰক
পাৰিবানে বান্ধিব
বাস্তৱৰ হেঙাৰ দি ?

গুপুতে জীয়াই ৰখা
অৰ্ধ ব্যক্ত অনুভূতি
কেতিয়াও যে খুলি
কব নোৱাৰিবা তুমি...

কান্দিবানে ?
মোৰ মৃত্যুৰ বাতৰি শুনি...



Wednesday, August 3, 2016

প্ৰেমৰ মন্ত্ৰ

                          (বজ্ৰাঙ্গ দাস)
আজিও হৃদয়ত
জীপাল হৈ আছে
তুমি শিকোৱা
প্ৰেমৰ মন্ত্ৰ ||

যেতিয়াই অন্তৰখনে
হাহাকাৰ কৰি উঠে
প্ৰতিধ্বনিত হয়
এক কৰুণ চিত্‍কাৰ |

ভাঁহি আহে
তোমাৰ সেই
বাস্তৱবাদী মন্ত্ৰ

"Be Practical" !!







Tuesday, December 8, 2015

বিৰহ

                            (বজ্ৰাঙ্গ দাস)

যাৰ বিৰহ অগনিত জাহ গ
জীৱনৰ অমূল্য বসন্তবোৰ...

দুৰ্বল হিয়া মোৰ স্পন্দনহীন হ

যেতিয়া তেওঁ প্ৰশ্ন তুলিলে
প্ৰেমৰ অস্তিত্ব আৰু গভীৰতাত !!!




Thursday, October 15, 2015

ফেচবুক প্ৰফাইল

                            (বজ্ৰাঙ্গ দাস)
হঠাত্‍ দেখিলো
তোমাৰ ফেচবুক প্ৰফাইল
হৃদয় স্পন্দনে জোকাৰি গৈছিল
স্মৃতিৰ কোঠালী..

ৰিণি ৰিণি গানৰ কাইটীয়া সুৰত
ওৰে নিশা আজি সেউজীয়া হব
হেৰুৱা সপোন সমাধি..


তাৰিখ

                 (বজ্ৰাঙ্গ দাস)
অফিচৰ ব্যস্ততা আৰু
কৰ্তব্যৰ হেচাৰ মাজত
পাৰ হোৱা এটা
গতানুগতিক দিন..

অভ্যাসবশত টোকা এটাত
তাৰিখ লিখিব লৈ
হঠাত্‍ কলমটো যেন থমকি ৰ’ল
হয়, আজি তোমাৰ জন্মদিন !!


Tuesday, August 19, 2014

হত্যাকাৰী

               (বজ্ৰাঙ্গ দাস)
তুমি তোমাৰ পথত
আৰু মই মোৰ পথত
আকুলতাহীন এক বিপৰীত যাত্ৰা |

মোৰ সঙ্গী আছিল আশা
যি মোৰ বাবে আছিল
জীৱন নদী পাৰ কৰি নিয়া এখন সাকো |
এই আশাই আছিল
মোৰ জীয়াই থকাৰ সঞ্জীৱনী |

আৰু এদিন..
এদিন তুমি আহিলা |
সিদিনা মোৰ আশাৰ মৃত্যু হৈছিল
তুমিয়ে মোৰ আশাৰ হত্যাকাৰী !!

Sunday, December 2, 2012

পাহৰা জন

               (বজ্ৰাঙ্গ দাস)
পাহৰিব সময় নালাগে
মই জানো
হয়তো কষ্টও নহয়...

কিন্তূ

পাহৰাজনে জানো জানে ?

যিদিনা
তাইৰ শিৰত
সেন্দুৰ জিলিকিছিল...
এফালে
মোৰ শেতা শৰীৰত
গঙ্গাজলৰ টোপাল বিৰিঙিছিল...
 

Sunday, July 31, 2011

মই বুজি নাপাওঁ

               (বজ্ৰাঙ্গ দাস)
হয়
তুমি সচা কথাই কৈছিলা
প্ৰেমৰ অৰ্থ
মই বুজি নাপাওঁ |

মই বুজি নাপাওঁ
তোমাৰ চকুৰ গহ্বৰত অন্তৰ্নিহিত ইংগিত |

মই বুজি নাপাওঁ
তোমাৰ অশু‌ভ আচৰণৰ আঁৰৰ সত্য |

মই বুজি নাপাওঁ
তোমাৰ ওঁঠৰ পৰা অনুচ্চাৰিত শব্দৰ অৰ্থ |

মই বুজি নাপাওঁ
তোমাৰ মনৰ প্ৰতিটো কোনৰ অপ্ৰকাশিত ৰহস্য |

আৰু মূল কথা হ’ল
মই বুজি নাপাওঁ তোমাক |

তুমি সচা কথাই কৈছিলা
প্ৰেমৰ অৰ্থ
মই বুজি নাপাওঁ ||

Tuesday, July 26, 2011

কোন-কিয়-কেনেকৈ

               (বজ্ৰাঙ্গ দাস)
আকাশত তৰা যিমান
মোৰ মনত প্ৰশ্ন সিমান

পাৰিবা উত্তৰ দিব
তাৰে মাথো তিনিটাৰ

তুমি আৰু মই..

কোন ?
কিয় ?
কেনেকৈ ?