Sunday, December 2, 2012

পাহৰা জন

               (বজ্ৰাঙ্গ দাস)
পাহৰিব সময় নালাগে
মই জানো
হয়তো কষ্টও নহয়...

কিন্তূ

পাহৰাজনে জানো জানে ?

যিদিনা
তাইৰ শিৰত
সেন্দুৰ জিলিকিছিল...
এফালে
মোৰ শেতা শৰীৰত
গঙ্গাজলৰ টোপাল বিৰিঙিছিল...